বুৰঞ্জী কুইজ – সংগ্ৰহ ০১

Published by admin on

১. অসমৰ প্ৰাচীন নাম কি ?
– প্ৰাগজ্যোতিষপুৰ

২. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
– ভাস্কৰবৰ্মাৰ দিনত ৷

৩. চীনা পৰিব্ৰাজকজনৰ নাম কি ?
– হিউৱেন চাং

৪. ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?
– আহোমসকলৰ ৰাজত্ব কালৰ পৰা ৷

৫. আহোমসকলৰ আদি ৰজা কোন আছিল ?
– চুকাফা ৷

৬. আহোমৰ শেষ ৰজাজনৰ নাম কি ?
– স্বৰ্গদেউ পুৰন্দৰ সিংহ ৷

৭. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
– প্ৰায় ৬০০ বছৰ ৷

৮. আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
– ইটাখুলি ৰণ (১৬৮২ খ্ৰী:) ৷

৯. কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ণ হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ?
– স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

১০. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
– চুলিকফা (ৰত্নধ্বজ সিংহ) ৷

১১. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?
– স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷

১২. ৰংঘৰ কোনে সজাইছিল ?
– স্বৰ্গদেউ প্ৰমত্ত সিংহয় (১৭৪৬ চনত) ৷

১৩. অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?
– বদন বৰফুকনে ৷

১৪. কেতিয়াৰ পৰা অসম বৃটিচৰ অধীনলৈ যায় ?
– ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা (ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে) ৷

১৫. কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?
– কুমাৰ ভাস্কৰ বৰ্মৰ দিনত ৷

১৬. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
– নৰনাৰায়ণ ৷

১৭. শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
– চক্ৰধ্বজ সিংহৰ দিনত ৷

১৮. শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল ?
– লাচিত বৰফুকন ৷

১৯. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?
– ৰাম সিংহ ৷

২০. মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?
– ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷

—————————————————
(সংগৃহীত তথ্য)